সোণকোষ নদী
অৱয়ব
(সোণকোষৰ পৰা পুনঃনিৰ্দেশিত)
![](http://chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/3/38/View_of_Wangdue_Dzong_2019-12-16.jpg/220px-View_of_Wangdue_Dzong_2019-12-16.jpg)
সোণকোষ বা গদাধৰ বা স্বৰ্ণকোষ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনৈ। ইয়াৰ উদ্ভৱ উত্তৰ ভূটানত। ই ভাৰতৰ অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদত লগ লাগিছে। ভূটানত ইয়াৰ নাম পুনাৎসাংগ ছ্যূ। ইয়াৰ দুটা মুখ্য উপনৈ ফ ছ্যু আৰু ম ছ্যু ভূটানৰ পোনাখাত মিলিত হৈছে। এই দুই নদী লগ হোৱা পোনাখা ভুটানৰ অন্যতম ধুনীয়া ভূটানী স্থাপত্যশৈলীৰ জং। এই জং ভুটানৰ ড্ৰাটচাং লেহেটচঙৰ শীতকালৰ বাসগৃহ। ভূটানৰ পৰা ভাৰতত সোমাই ই অসম আৰু পশ্চিম বংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে।