সমললৈ যাওক

কৰ্ছনদাস মুলজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্ছনদাস মুলজী

কৰ্ছনদাস মুলজী
জন্ম ২৫ জুলাই, ১৮৩২
মহুৱাৰ ওচৰৰ বাদল, ভাবনগৰ, গুজৰাট
মৃত্যু ২৮ আগষ্ট, ১৮৭৫ (৪৩ বছৰ) [1]

কৰ্ছনদাস মুলজী (ইংৰাজী: Karsandas Mulji; জন্ম: ২৫ জুলাই ১৮৩২ – মৃত্যু: ২৮ আগষ্ট ১৮৭৫) এজন সাংবাদিক, সমাজ সংস্কাৰক আৰু প্ৰশাসক আছিল।

এলফিনষ্টন কলেজৰ প্ৰাক্তন ছাত্ৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত গুজৰাটী সাংবাদিকজনৰ প্ৰতিষ্ঠানিক ধৰ্মীয় কৰ্তৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি আৰু খ্ৰীষ্টান ধৰ্মধ্বনি পঢ়াৰ প্ৰতি ধাউতি আছিল।[2]

১৮৬৭ চনত ভিক্টোৰিয়াৰ ব্ৰিটিছ ভাৰতৰ বম্বে চৰকাৰে কাঠিয়াৱাৰ ৰাজ্য প্ৰশাসনৰ বাবে কৰ্ছনদাস মুলজীক নিযুক্তি দিয়ে।[1][3][4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কৰ্ছনদাসৰ এটা গুজৰাটী বৈষ্ণৱ পৰিয়ালত জন্ম হয়। পিছলৈ বিধৱাৰ পুনৰ বিবাহৰ সপক্ষে তেওঁৰ মন্তব্যৰ বাবে পৰিয়ালে তেওঁক ত্যাগ কৰে।[2] কপাহৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ ব্যৱসায়িক কাৰণত ইংলেণ্ড ভ্ৰমণ কৰাৰ পিছত, যিটো সফল নহ'ল; আৰু সেই সময়ত সাগৰ পাৰ হোৱা সম্পৰ্কে প্ৰচলিত ধাৰণাটোৰ বাবে তেওঁক জাতিৰ পৰা বহিষ্কাৰ কৰাৰ কথা আহি পৰিছিল।[1][5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

পূৰ্বে তেওঁ ৰাষ্ট গোফটাৰ আৰু স্ত্ৰীবোধ আলোচনীত লিখিছিল যদিও এই আলোচনীসমূহৰ পাঠকৰ সংখ্যা বেছিভাগেই পাৰ্চীসকলৰ মাজতে সীমাবদ্ধ আছিল।[6]

এই আলোচনীসমূহৰ সীমিত পাঠকক লৈ অসন্তুষ্ট হৈ মংগলভাই নাত্থুভাইৰ সহায়ত মুলজীয়ে ১৮৫৫ চনত সাধাৰন হিন্দুসকলক লক্ষ্য কৰি সত্যপ্ৰকাশ নামৰ এখন গুজৰাটী কাকত প্ৰকাশ কৰে। ৰুস্তোমজী ৰাণীনা প্ৰকাশক হৈ থকাৰ সময়তে তেওঁ সম্পাদনা কৰিছিল। কিন্তু মাত্ৰ ছয় বছৰহে প্ৰকাশ পোৱাৰ পিছত ১৮৬১ চনত সত্যপ্ৰকাশ বন্ধ হয় আৰু পিছলৈ ৰাষ্ট গোফটাৰৰ লগত এক হৈছিল, যিখন কাকত তেওঁ পূৰ্বে কম দৰ্শকৰ বাবে এৰি থৈ গৈছিল।[7] তেওঁ প্ৰবন্ধসমূহৰ দ্বাৰা ভৱিষ্যতৰ হিন্দু জাতিৰ নেতাসকলক সম্বোধন কৰিছিল আৰু সামাজিক, ধৰ্মীয় ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰক আক্ৰমণ কৰিছিল। মুলজীয়ে বিভিন্ন সামাজিক বিষয়, যেনে নাৰী শিক্ষা, আড়ম্বৰপূৰ্ণ বিয়া, বিয়াৰ অনুষ্ঠানত অত্যধিক ধন খৰচ কৰা আৰু বুকুত প্ৰহাৰ কৰা অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান আদিৰ বিষয়ে আলোচনা কৰিছিল।[8]

জীৱনী গ্ৰন্থ[সম্পাদনা কৰক]

মহিপাত্ৰ ৰূপম নীলকান্তই কৰ্ছনদাসৰ ইংৰাজী ভাষাত লিখা এটা পৰিচয়মূলক স্কেচ্চৰ সহায় লৈ গুজৰাটী ভাষাত তেওঁৰ জীৱনী ““উত্তম কাপল কৰ্ছনদাস মুলজী চৰিত্ৰ’’ (১৮৭৭) ৰচনা কৰিছিল৷ কৰ্ছনদাস মুলজী: এ বায়'গ্ৰাফিক্যাল ষ্টাডি (১৯৩৫) হৈছে বি.এন.মটিৱালাই লিখা আন এখন সমালোচনাত্মক জীৱনী।[3][4]

মৃত্যু[সম্পাদনা কৰক]

১৯১১ চনৰ এনচাইক্লপিডিয়া ব্ৰিটানিকা[1]ৰ মতে ১৮৭৫ চনৰ আগষ্ট মাহত তেওঁৰ মৃত্যু হয়।[3]

কৰ্ছনদাসৰ জীৱনৰ ওপৰত মহাৰাজ নামৰ এখনি চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Chisholm, Hugh, ed. (1911). "Mulji, Kursendas". Encyclopædia Britannica. 18 (11th ed.). Cambridge University Press. p. 960. 
  2. 2.0 2.1 Barton Scott, J (2015-01-12). "Luther in the Tropics: Karsandas Mulji and the Colonial "Reformation" of Hinduism". Journal of the American Academy of Religion খণ্ড 83 (1): 181–209. doi:10.1093/jaarel/lfu114. ISSN 0002-7189. https://www.jstor.org/stable/24488134। আহৰণ কৰা হৈছে: 2024-06-27. 
  3. 3.0 3.1 3.2 Murali Ranganathan, ed (1 February 2009). Govind Narayan's Mumbai: An Urban Biography from 1863. প্ৰকাশক London: Anthem Press. পৃষ্ঠা. 344. ISBN 978-0-85728-689-5. https://books.google.com/books?id=hstRDwAAQBAJ&pg=PA344. 
  4. 4.0 4.1 (en ভাষাত) Govind Narayan's Mumbai: An Urban Biography from 1863. Anthem Press. 2009-02-01. ISBN 978-0-85728-689-5. https://www.google.co.in/books/edition/Govind_Narayan_s_Mumbai/hstRDwAAQBAJ. 
  5. Scott, Dr. J. Barton (2017). "TRANSLATED LIBERTIES: KARSANDAS MULJI'S TRAVELS IN ENGLAND AND THE ANTHROPOLOGY OF THE VICTORIAN SELF" (en ভাষাত). Modern Intellectual History (Cambridge University Press) খণ্ড 16 (3): 803–833. doi:10.1017/S1479244317000579. ISSN 1479-2443. https://www.cambridge.org/core/journals/modern-intellectual-history/article/abs/translated-liberties-karsandas-muljis-travels-in-england-and-the-anthropology-of-the-victorian-self/FD686C320ADB6B993FDC8AF440535A9C. 
  6. Mehta, Hasit (2012). Sahityik Samyiko. প্ৰকাশক Ahmedabad: Rannade Prakashan. পৃষ্ঠা. 50. 
  7. Yagnik, Achyut; Sheth, Suchitra (2005). The shaping of modern Gujarat: plurality, Hindutva and beyond (1. publ সম্পাদনা). প্ৰকাশক New Delhi: Penguin Books. ISBN 978-0-14-400038-8. 
  8. Motivala, Bhavanidas Narandas (1935) (en ভাষাত). Karsondas Mulji: a Biographical Study. Karsondas Mulji Centenary Celebration Committee. https://www.google.co.in/books/edition/Karsondas_Mulji_a_Biographical_Study/qkoYAAAAMAAJ?hl=en.