সমললৈ যাওক

জিৰকেদাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰ্বি ডেকা-গাভৰুহঁতৰ কৃষি কৰ্মৰ লগতে জীৱনৰ অত্যাৱশ্যকীয় কৰ্মৰ কেন্দ্ৰ হ'ল জিৰকেদাম। অসমীয়া প্ৰতিশব্দ ডেকা চাং বুলি কোৱা হয় যদিও আগতে ছোৱালীবোৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই জিৰকেদামৰ ডেকাসকলৰ প্ৰত্যেককে‌ জিৰপ' আৰু সমূহীয়াভাৱে জিৰছং বুলি কোৱা হয়। ছোৱালীক জিৰপী বা মাৰপী বোলা হৈছিল। গাঁৱৰ প্ৰতিঘৰৰ পৰা একোজন সভ্যৰে এই অনুষ্ঠান সংগঠিত যদিও গাঁৱৰ সকলোবোৰ ডেকাই নিশা এই চাংঘৰত শুব পাৰে।

কাৰ্বিসকলৰ সামূহিক পূজা ৰংকেৰৰ দিনটোতেই এই জিৰকেদামৰ শুভাৰম্ভণি কৰা হয়।[1] গাওঁবুঢা ছাৰ্থেক সন্মান সহকাৰে আসন দিয়াৰ পাছত ছাৰ্থেকে কাৰ্বি -পৰম্পৰা অনুসৰি ডেকাসকলৰ মাজৰ পৰা একোজন দলপতি বা ক্লেংছাৰপো মনোনীত কৰে। ছাৰ্থেৰ ফৈদৰ ডেকাক সচৰাচৰ মনোনীত কৰা নহয়। এই জিৰকেদামৰ বাবে একুৰি ছয়জন বিষয়ববীয়াও মনোনীত কৰা হয়। এই অনুষ্ঠানত থাকি সহায় কৰোঁতাসকলক (কনিষ্ঠ বা চেমনীয়া) হাজাৰ আছ বোলা হয়। জিৰকেদামৰ ঘৰ অথবা তেৰাংটো সম্পূৰ্ণ নহয় মানে ছাৰ্থেৰ চ'ৰাঘৰ অৰ্থাৎ হংফাৰ্লাঙকে ব্যৱহাৰ কৰা হয়। তেৰাং সদায় আহল-বহল ভিতৰতে চকুত লগাকৈ সজোৱা হয়। ৰন্ধা-বঢ়া তেৰাঙত কৰা নহয়। ডেকাসকলে ঘৰতেই খাই আহি ৰাতি শোৱে। দিনৰ কৰ্মৰত অৱস্থাত ঘৰে ঘৰে আহাৰ সংগ্ৰহ কৰি যোগান ধৰা হয়। ডেকা ল'ৰাবোৰে গাঁৱৰ প্ৰতিঘৰতে পালপাতি কৃষি কৰ্মত সহায় কৰে। নিজাববীয়াকৈ এডৰা মাটিত জুম খেতি কৰে। পাহাৰৰ গছ-বন কাটি পৰিষ্কাৰ কৰা, মাটি চহোৱা, কৃষি কাৰ্য কৰা আদি বিভিন্ন কাম-কাজৰ যেন প্ৰশিক্ষণ কেন্দ্ৰ এই জিৰকেদাম। ইয়াৰোপৰি আজৰি সময়ত ল'ৰাবোৰে বাঁহ-বেতৰ কাম, ছোৱালীবোৰে সূতা কটাকে আদি কৰি বিভিন্ন কাম-কাজত ব্যস্ত হৈ পৰে। গাঁৱৰ কাৰোবাৰ অসুখ-বিসুখ হ'লে সেৱা -শুশ্ৰূশা কৰা, পূজা -পাতলত সহায়-সহযোগিতা কৰা, প্ৰয়োজনীয় খাদ্য-সামগ্ৰী প্ৰস্তুত কৰা গাঁৱৰ বিভিন্ন উন্নয়নৰ কাম কৰা, একেলগে বালি ভোজ খোৱা, নিজ গাঁও বা অঞ্চলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাকে আদি কৰি বিভিন্ন দিনত জিৰকেদামে সেৱা আগবঢ়াইছিল।

গাঁৱৰ ডেকা-গাভৰুসকলে আগতে তিনি বছৰ এই জিৰকেদামৰ সদস্য হোৱাৰ নিয়ম বাধ্যতামূলক আছিল। তিনি বছৰৰ মূৰত নতুন সদস্যৰে জিৰকেদামৰ কাৰ্যনিৰ্বাহ ছাৰ্থেয়ে গঠন কৰি দিছিল। বিয়া-বাৰু জিৰকেদামৰ তিনি বছৰীয়া অভিজ্ঞতা লাভৰ অন্ততহে পাতিব পাৰিছিল। অৱশ্যে ক্লেংছাৰপোৰ অনুমতি সাপেক্ষে মাজতেও বিয়া অনুষ্ঠিত হ'ব পাৰে। নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আৰু অনুশাসনপ্ৰিয়তা জিৰকেদামৰ অন্যতম বৈশিষ্ট্য। কেংছাৰপোৰ দায়িত্ব আৰু গুৰুত্বও সেয়ে সৰ্বাধিক। অৱশ্যে ছাৰ্থেৰ দিহা-পৰামৰ্শতো গুৰুত্ব দিয়া হয়। ছাৰ্থেৰ অনুপস্থিতিত ডেকা গাওঁবুঢ়া বা ৰিছ'বাছাই কামখিনি চম্ভালে। আজিকালি ছোৱালীক তেৰাঙত প্ৰৱেশৰ অনুমতি দিয়া নহয় বাবে এই ৰিছ'বাছাৰ পত্নীয়ে তেৰাঙৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিশটো চোৱা-চিতা কৰে।

মুঠৰ ওপৰত জিৰকেদাম হ'ল কাৰ্বিসকলৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সামূহিক সংষ্কৃতিবোধৰ এক প্ৰকৃষ্ট উদাহৰণ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমৰ সংস্কৃতি কোষ,ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী; পৃ:২৫৪,২৫৫