সমললৈ যাওক

বিডি ক্লিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিডি ক্লিন
প্ৰতিষ্ঠা ৩ জুন ২০১৬ (৮ বছৰ আগত) (2016-06-03)
ধৰণ অৰাজনৈতিক আৰু অলাভজনক স্বেচ্ছাসেৱী সংগঠন
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য বিশ্বৰ অন্যতম স্বচ্ছ দেশৰ মৰ্যাদা লৈ বাংলাদেশৰ প্ৰতিজন নাগৰিকৰ বাবে আদৰ্শ নাগৰিকত্বৰ নিদৰ্শন প্ৰতিষ্ঠা কৰাটোৱেই হৈছে বি ডি ক্লিনৰ মূল উদ্দেশ্য
সেৱা  ক্ষেত্ৰ বাংলাদেশ
আনুষ্ঠানিক  ভাষা বাংলা
প্ৰধান সমন্বয়ক জহিৰুল ইছলাম ৰবি
স্বেচ্ছাসেৱী দেশজুৰি ৪৪,০০০+ সদস্য
ৱেবছাইট bdclean.org

বাংলাদেশক স্বচ্ছ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰা এটা স্বেচ্ছাসেৱী যুৱ সংগঠন হৈছে বিডি ক্লিন[1]সংগঠনটোৱে দেশজুৰি প্ৰতি সপ্তাহৰ শুক্ৰবাৰ এখন নিৰ্দিষ্ট স্থান নিৰ্বাচন কৰি তাৰ পৰিষ্কাৰ কৰে আৰু তাৰ চাৰিওফালে থকা মানুহক পৰিষ্কাৰ বাংলাদেশৰ সুফল সম্পৰ্কে সজাগ কৰে। আনকি ই তেওঁলোকৰ মাজত সচেতনতা বৃদ্ধি কৰে আৰু যত্ৰতত্ৰ মলিনতা আৰু আবৰ্জনা নেপেলাবলৈ, নিৰ্দিষ্ট স্থান তথা ডাষ্টবিনত পেলাবলৈ উৎসাহিত কৰে।[2][3]

ইতিহাস[সম্পাদনা কৰক]

২০১৬ চনৰ ৩ জুন তাৰিখে ফৰিদ উদ্দিন আৰু তেওঁৰ বন্ধুসকলে ইয়াক প্ৰতিষ্ঠা কৰিছিল।[4][5]২০১৬ চনৰ ২ জুনত শাহবাগৰ পৰা কাওৰান বজাৰছাৰ্ক ফাউণ্টেইনলৈ পথৰ কাষৰ মলিনতা পৰিষ্কাৰ অভিযানৰ জৰিয়তে "ঢাকা ক্লিন"ৰ সূচনা কৰা হৈছিল, বৰ্তমান এই অভিযানক "বিডি ক্লিন" হিচাপে জনা যায়।[6][7][8][9] বৰ্তমান ২০২৩ চনৰ সমীক্ষা অনুসৰি দেশজুৰি বিডি ক্লিনৰ মুঠ স্বেচ্ছাসেৱকৰ সংখ্যা ৪৪ হাজাৰতকৈ অধিক।[10] দেশজুৰি জিলাসমূহৰ অন্তৰ্গত ১২টা নগৰ নিগম, ৩খন ৰাজহুৱা বিশ্ববিদ্যালয়, ৬০খন জিলা আৰু উপজিলাত ইয়াৰ শাখা দল আছে।

কাৰ্যকলাপ[সম্পাদনা কৰক]

প্ৰদৰ্শনী[সম্পাদনা কৰক]

পৰিষ্কাৰ চৌহদ ঘোষণা[সম্পাদনা কৰক]

বিডি ক্লিনৰ স্বেচ্ছাসেৱকসকলে ২০১৭ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১৮ চনৰ ২৬ জানুৱাৰীলৈ ঢাকা বিশ্ববিদ্যালয় পৰিষ্কাৰ চৌহদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১২ সপ্তাহ জুৰি পৰিষ্কাৰ অভিযান আৰু পৰিষ্কাৰ-পৰিচ্চন্নতা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিবলৈ ধাৰাবাহিক প্ৰচাৰ চলায়। ২০১৮ চনৰ ২৬ জানুৱাৰীৰ আবেলি ৩ বজাত ছবি তোলা আৰু শপত গ্ৰহণৰ অন্তত প্ৰায় ১৫ শতাধিক বিডি ক্লিন স্বেচ্ছাসেৱকে চৌহদটোক ১২১টা অংশত ভাগ কৰি একেলগে চৌহদ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰে। পৰিষ্কাৰ অভিযানৰ অন্তত, সন্ধিয়া ৬.২৫ বজাত ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ মোহাম্মদ আখতাৰুজ্জামানে ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদক পৰিষ্কাৰ ঘোষণা কৰে।[11][12][13]

উৎস[সম্পাদনা কৰক]

  1. "পৰিচ্ছন্ন বাংলাদেশ গড়াৰ লক্ষ্যে কাজ কৰছে স্বেচ্ছাসেবি সংগঠন "বিডি ক্লিন"" (bn ভাষাত). VOA. https://www.voabangla.com/amp/bd-clean/5056292.html. 
  2. "BD Clean marks 6th anniv" (en ভাষাত). Daily Sun. 2022-06-03. https://www.daily-sun.com/printversion/details/624283. 
  3. "About Us" (en-US ভাষাত). BD Clean. https://pages.bdclean.org/about-us/। আহৰণ কৰা হৈছে: 2023-11-14. 
  4. "BD Clean celebrates anniversary planting 3,00,000 trees in two hours" (en ভাষাত). The Business Standard. 2023-06-05. https://www.tbsnews.net/bangladesh/bd-clean-celebrates-anniversary-planting-300000-trees-two-hours-644554. 
  5. "৩ লাখ গাছ লাগিয়ে প্ৰতিষ্ঠাবাৰ্ষিকী পালন কৰল বিডি ক্লিন" (bn ভাষাত). Samakal. https://samakal.com/bangladesh/article/176181/%E0%A7%A9-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%97%E0%A6%BE%E0%A6%9B-%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8-%E0%A6%95%E0%A6%B0%E0%A6%B2-%E0%A6%AC%E0%A6%BF%E0%A6%A1%E0%A6%BF-%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%A8. 
  6. "বিডি ক্লিনেৰ স্বপ্ন পৰিচ্ছন্ন বাংলাদেশ" (bn ভাষাত). Kaler Kantho. 2019-09-08. https://www.kalerkantho.com/feature/campus/2019/09/03/810638. 
  7. "পৰিচ্ছন্ন বাংলাদেশেৰ জন্য" (bn ভাষাত). Prothom Alo. 2018-02-03. https://www.prothomalo.com/lifestyle/%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87%E0%A6%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AF. 
  8. "বিডি ক্লিনেৰ স্বপ্ন পৰিচ্ছন্ন বাংলাদেশ". www.kalerkantho.com. 2019-09-03. 
  9. "পৰিচ্ছন্ন বাংলাদেশেৰ জন্য" (bn ভাষাত). 2018-02-03. 
  10. "তিন লাখ গাছ লাগিয়ে বিডি ক্লিনেৰ প্ৰতিষ্ঠাবাৰ্ষিকী উদ্‌যাপন" (bn ভাষাত). Ajker Patrika. https://www.ajkerpatrika.com/276662/%E0%A6%A4%E0%A6%BF%E0%A6%A8-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%97%E0%A6%BE%E0%A6%9B-%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%A1%E0%A6%BF-%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%E0%A7%80. 
  11. "পৰিচ্ছন্ন-বাংলাদেশ-গড়াৰ-লক্ষ্যে-পৰিষ্কাৰ-পৰিচ্ছন্নতা-কৰ্মসূচীৰ-উদ্বোধন-কৰলেন-ঢাবি-উপাচাৰ্য" (bn ভাষাত). du.ac.bd. https://du.ac.bd/du_post_details/%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%97%E0%A7%9C%E0%A6%BE%E0%A6%B0-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AF%E0%A7%87-%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%A4%E0%A6%BE-%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A7%80%E0%A6%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%A7%E0%A6%A8-%E0%A6%95%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%A2%E0%A6%BE%E0%A6%AC%E0%A6%BF-%E0%A6%89%E0%A6%AA%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%AF/12067। আহৰণ কৰা হৈছে: 2023-11-14. 
  12. "ঢাবিতে ৮ সপ্তাহব্যাপী পৰিচ্ছন্নতা অভিযান শুৰু" (bn ভাষাত). banglanews24.com. 2017-11-10. https://www.banglanews24.com/education/news/bd/616225.details. 
  13. "ঢাকা বিশ্ববিদ্যালয় পৰিচ্ছন্ন ক্যাম্পাস ঘোষণা" (bn ভাষাত). BD Clean. https://pages.bdclean.org/completed-mega-events/dhaka-university-clean-campus-declaration/। আহৰণ কৰা হৈছে: 2023-11-14. 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]