সমললৈ যাওক

যুগললোচন দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যুগললোচন দাস
জন্ম ১৯৬৮,১ জানুৱাৰী
জোৱাই, শ্বিলং
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

যুগললোচন দাস (Jugal Lochan Das) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি। যুগললোচন দাসে "লোচন ককাইদেউ" ছদ্মনামেৰে অনেক সাহিত্য ৰচনা কৰিছে।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯৬৮ চনৰ ১ জানুৱাৰীত শ্বিলঙৰ জোৱাইত যুগললোচন দাসৰ জন্ম হয়। তেওঁৰ পিতৃ শিশুৰাম দাস আৰু মাতৃ শশীপ্ৰভা দাস।[2]

শিক্ষা[সম্পাদনা কৰক]

  • মঙলদৈ টাউন বুনিয়াদী বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি ঘটে।
  • ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে।
  • বি.বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক শিক্ষা গ্ৰহণ কৰে যদিও সম্পূৰ্ণ নহ'ল।
  • পুনৰ ৰহা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[3]

চাকৰি জীৱন[সম্পাদনা কৰক]

“আমাৰ অসম কাকত’’ৰ সহ: সম্পাদক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা যুগললোচন দাস বৰ্তমান এগৰাকী সাহিত্যিক হিচাপে জনাজাত।[4]

সাহিত্যৰাজি[সম্পাদনা কৰক]

গল্প সংকলন[সম্পাদনা কৰক]

  • ভেকুলী বিয়া উৰুলি দিয়া
  • বিনি আৰু এজাক বৰষুণ
  • মৰিয়নীৰ মৰিয়ম আৰু বহুতো
  • কাজিৰঙাৰ খবৰ
  • অঘাইতং ঘিটিলাইৰ অঘটন-১
  • অঘাইতং ঘিটিলাইৰ অঘটন-২
  • ফপৰা- ফাপৰিৰ ফাংচন

উপন্যাস[সম্পাদনা কৰক]

  • জোনবাইৰ দেশত মুনমুন
  • শংকৰ- কিংকৰৰ অভিযান
  • অংকু- ডিংকুৰ অভিযান
  • কাজিৰঙাত অংকু-ডিংকু
  • সোণালী বেট
  • দু:সাহসী চাংটনৱে ( বৰপেটা জিলা কৰুণা দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা)
  • সৰগৰ ফুল
  • এনিহঁতৰ পৃথিৱীখন
  • মই ভূপেনমামাই কৈছোঁ
  • সোণবালি বাগিচাৰ ভূত ( সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা)
  • প্লেটফৰ্মৰ মুকুতা

সাধু[সম্পাদনা কৰক]

  • আঢ়ৈকুৰি সাধু
  • সোণালী মাছৰ সাধু

জীৱনী[সম্পাদনা কৰক]

  • চাওলুং চুকাফা
  • কুৰিজন খেলুৱৈৰ ল'ৰালিৰ ৰং
  • জনপ্ৰিয় খেলুৱৈৰ শৈশৱ ধেমালি
  • বীৰ- বীৰাংগনাৰ কাহিনী
  • অসমৰ বীৰ- বীৰাংগনাৰ কাহিনী

পদ্যপুথি[সম্পাদনা কৰক]

  • মিঠাই খোৱা বুধি

চুটিগল্প সংকলন[সম্পাদনা কৰক]

  • জাহাজঘাটৰ মাছ

কমিকছ[সম্পাদনা কৰক]

  • কাজিৰঙাত অঘটন
  • চিলনীৰ জীয়েকৰ সাধু( সংলাপ ৰচনা )

লোচন ককাইদেউৰ নামত[সম্পাদনা কৰক]

  • কাজিৰঙাৰ সাধু
  • কাজিৰঙাৰ দহটা সাধু
  • মাচু মামাৰ মোচ

অভিযান[সম্পাদনা কৰক]

  • পৃথিৱী বিখ্যাত অভিযান কাহিনী

খেল[সম্পাদনা কৰক]

  • অসমৰ থলুৱা খেল- ধেমালি
  • জনপ্ৰিয় ফুটবলাৰৰ সোণালী শৈশৱ
  • জনপ্ৰিয় ক্ৰিকেট খেলুৱৈৰ সোণালী শৈশৱ
  • জনপ্ৰিয় টেনিছ খেলুৱৈৰ সোণালী শৈশৱ

সম্পাদিত শিশু আলোচনী[সম্পাদনা কৰক]

  • চোতালৰ পখিলা, সম্পাদক
  • জিলমিল, সম্পাদক
  • ৰংমন, সহযোগী সম্পাদক
  • মুকুতা, সহযোগী সম্পাদক[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০১৬ চনত বৰপেটা সাহিত্য সভাই "কৰুণা দত্ত সোঁৱৰণী‌ শিশু সাহিত্য বঁটা" প্ৰদান কৰে।
  • ২০১৭ চনত অকণি সাহিত্য সভাই "অসম শিশু সাহিত্য বঁটা" প্ৰদান কৰে।
  • ২০১৮ চনত সাহিত্য অকাডেমিৰ পৰা "শিশু সাহিত্য বঁটা" লাভ কৰে।
  • ২০১৮ চনত "অনুসূচিত জাতি য়ুথ আইকন ২০১৮" বঁটা লাভ কৰে।[6]
  • ২০২১ চনত পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণি শিশু সাহিত্যিক বঁটা
  • ২০২১ চনত গজালি শিশু সাহিত্য বঁটা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কলংপাৰ (মুখ্য সম্পাদক : গুৰমাইল সিং), সাপ্তাহিক কাকত,৪৬ সংখ্যা,২১জুলাই,২০২১
  2. https://www.axomkabyakanan.com/2020/10/blog-post.html?m=1#.X3XpqBq0IHk.facebook
  3. https://www.anyayug.com/p/jugal-lusan-das.html?m=1
  4. কলংপাৰ (মুখ্য সম্পাদক : গুৰমাইল সিং), সাপ্তাহিক কাকত,৪৬ সংখ্যা,২১জুলাই,২০২১
  5. অসম শিশু সাহিত্য কোষ, প্ৰথম খণ্ড, প্ৰকাশক : কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
  6. https://www.anyayug.com/p/jugal-lusan-das.html?m=1