শৰাইঘাট ৰণ স্মৃতি উদ্যান
অৱয়ব
![](http://chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/c/cd/Entrance_gate_of_Saraighat_war_memorial_park.jpg/220px-Entrance_gate_of_Saraighat_war_memorial_park.jpg)
![](http://chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/c/c5/Saraighat_war.jpg/220px-Saraighat_war.jpg)
শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লাগি আছে[1][2]। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাট ৰণৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে। শিলৰ ফলক এখনত ৰণৰ অলপ বিৱৰণও আছে। এই আটাইবোৰ শিল্প বীৰেন্দ্ৰ সিন্হা আৰু শান্তি নিকেতনৰ নিপুণ শিল্পীয়ে সজা।[1][2].
![](http://chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/6/6d/Saraighat_war_memorial_park_statues.jpg/220px-Saraighat_war_memorial_park_statues.jpg)