ৱিকিপিডিয়ানৰ মনৰ কথা ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ আজিৰ ডিজিটেলাইজেশ্যনৰ যুগত নিজৰ ভাষাটোৰ সমলবোৰ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷ সেয়ে, ২০১৯ চনত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হ’লোঁ৷ আৰম্ভণিতে কামবোৰ ভালকৈ জনা নাছিলোঁ৷ সাতটামান প্ৰবন্ধ লিখাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ৷ কিন্তু ২০২৩ বৰ্ষৰ আগষ্ট মাহৰ পৰা পুনৰ সক্ৰিয়ৰূপত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ আছোঁ৷ অসমীয়া ৱিকিমিডিয়াৰ আটাইকেইটা প্ৰকল্পতে কাম কৰিবলৈ চেষ্টা কৰিছোঁ৷ এইক্ষেত্ৰত যোৱা ইং ২৬.১১.২০২৩ তাৰিখে মাজুলীৰ গড়মূৰৰ বেম্বো কটেজত হৈ যোৱা কৰ্মশালাখনে যথেষ্ট সহায় কৰিছে৷ অভিজ্ঞ অগ্ৰজসকলে শিকোৱা প্ৰতিটো কথাই আমাক ৱিকিমিডিয়াৰ জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিছে৷ এই ছেগতে অগ্ৰজসকললৈ কৃতজ্ঞতা জনালোঁ৷ নিজৰ ভাষাটোকলৈ সপোন দেখোঁ৷ নিজৰ ভাষাটোৰ হকে কাম কৰাৰ ইচ্ছা এটা সদায়ে মনত কঢ়িয়াই লৈ ফুৰোঁ৷ সেই সপোন আৰু ইচ্ছাক সাকাৰ কৰাৰ সুবিধা অসমীয়া ৱিকিমিডিয়া সমাজে দিছে৷ অসমীয়া ৱিকিমিডিয়া সমাজে আমাক কাম কৰিবৰ বাবে সদায়ে অনুপ্ৰাণিত কৰি আহিছে৷ কপিৰাইট মুক্ত গ্ৰন্থৰ সংৰক্ষণ, অসমীয়া লোক-সাহিত্যৰ সংৰক্ষণ, মূল্যৱান প্ৰতিচ্ছবিৰ সংৰক্ষণ,অসমীয়া লোক-সংস্কৃতিৰ সংৰক্ষণ আদি গুৰুত্বপূৰ্ণ দিশত কাম কৰি আছে৷ আন ভাষাৰ ৱিকিপিডিয়াৰ সৈতে সহযোগিতামূলক সম্পাদনা মেলা অনুষ্ঠিত কৰিছে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনফাৰেন্সত অসমীয়া ৱিকিমিডিয়াৰ সদস্যই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে৷ ভাষা-সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি, অৰ্থনীতি, ভূগোল, বিজ্ঞান, তথ্য-প্ৰযুক্তি আদি সকলো বিষয়তে অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰিবৰ বাবে অসমীয়া ৱিকিমিডিয়া নিৰন্তৰ চেষ্টা কৰি আছে৷ আমিও অসমীয়া ৱিকিমিডিয়া সমাজৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ যত্ন কৰিছোঁ৷ আহক, আমি সকলোৱে নিজৰ অসমীয়া ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰোঁ৷
— যদুমণি গগৈ ( বাৰ্তা) 6:30, 26 January 2024 (ইউ.টি.চি.)
|
ভাল প্ৰবন্ধ ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
ইল’ইজ (ফৰাচী: Héloïse) আছিল এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী তথা মঠাধিকাৰিণী। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।
পীয়েৰ এবেলাৰ্ডৰ সৈতে ইল’ইজৰ প্ৰেম আৰু তেওঁলোকৰ মাজত হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ বাবেহে ইল’ইজ ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত বেছি বিখ্যাত। পীয়েৰ এবেলাৰ্ড আছিল মধ্যযুগৰ এগৰাকী আগশাৰীৰ যুক্তিবিদ তথা ধৰ্মতত্ত্ববিদ যি পাছলৈ ইল’ইজৰ সহকৰ্মী, সহযোগী আৰু স্বামী হৈ পৰিছিল। এবেলাৰ্ডৰ কামৰ ওপৰত সমালোচনাত্মক বৌদ্ধিক প্ৰভাৱ পেলোৱাৰ বাবে আৰু তেওঁক বহুতো প্ৰত্যাহ্বানমূলক প্ৰশ্ন উত্থাপন কৰাৰ বাবে ইল'ইজ জনাজাত আছিল।
তেওঁৰ চিঠি-পত্ৰসমূহক ফৰাচী আৰু ইউৰোপীয় সাহিত্যৰ ভেটি তথা ভদ্ৰতা আৰু মৰ্যাদাসম্পন্ন প্ৰেমৰ অভ্যাসৰ মুখ্য প্ৰেৰণা হিচাপে গণ্য কৰা হয়। তেওঁৰ পাণ্ডিত্যপূৰ্ণ আৰু কেতিয়াবা কামোদ্দীপকভাৱে লিখা চিঠি-পত্ৰসমূহে বিলডান্ছৰোমান ধাৰাটোৰ লেটিন ভেটি গঠন কৰে, আনহাতে এই চিঠি-পত্ৰসমূহে এবেলাৰ্ডৰ হিষ্ট’ৰিয়া কেলামিটেটামৰ সৈতে ধ্ৰুপদী এপিষ্ট’লাৰী ধাৰাটোৰ আৰ্হি হিচাপে কাম কৰে। ইল'ইজৰ প্ৰভাৱ পিছৰ লেখক, যেনে— ক্ৰেটিয়িন ডি ট্ৰ’ৱা, জিঅ’ফ্ৰি চ’চাৰ, মেডাম ডি লা ফায়েট, থমাছ একুৱাইনাছ, চ’ডাৰলছ ডি লাক্ল’ছ, ভল্টেয়াৰ, ৰুছ’, ছিম’ন ৱেই, আৰু ড’মিনিক অ’ৰীৰ ওপৰতো বিস্তৃত। ইয়াত বিতংকৈ পঢ়ক...
যোৱামাহৰ ভাল প্ৰবন্ধ মনোজ বাজপেয়ীৰ বিষয়ে ইয়াত পঢ়ক...
|
জানুৱাৰী-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০৯
|
|
|
নিৰ্বাচিত চিত্ৰ ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
বিহুৰ বতৰত অসমীয়া মানুহে প্ৰস্তুত কৰা পৰম্পৰাগত দৈ-জলপান, পিঠা-পনা আৰু গুৱাপাণ। চিত্ৰ শিল্পী: আংশুমান
|
চন্দন চিৰিং ফুকন: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ১২,২৮১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৫৩২। লগতে তেওঁ অসমীয়া ৱিকিউদ্ধৃতিৰ এগৰাকী প্ৰশাসক। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১৮,৩৯৬ টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Teamwork Barnstar”, "ইতিকথা পদক", “কৰ্মশালাৰ সোণালী পদক”, “পঞ্চ শতাধিক তাৰকা পদক”,“ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩”,“স্বাধীনতা সংগ্ৰামী এডিটাথন পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ
সুস্বাস্থ্য আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
|
পদক ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
|
জানুৱাৰী-২০২৪ৰ বিশেষ অভিলেখ ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
|
উল্লেখনীয় কাম ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৬৩৬ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৪৩ টালৈ বৃদ্ধি পালে।
|
নিৰ্বাচিত উদ্ধৃতি ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
“
|
মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷
|
”
|
— মামণি ৰয়ছম গোস্বামী
|
“
|
চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।
|
”
|
— সত্যনাথ বৰা
|
|
পৰিসংখ্যা আৰু অন্যান্য ![সম্পাদনা কৰক](//chped.net/https/upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|